মানুহ মৰণশীল | হয় মানুহ মৰণশীল, এইটো নিয়ম প্ৰকৃতিৰ !কিন্তু মানুহৰ চিন্তা, অভিব্যক্তি, বিচাৰ আদিয়ে জীৱনটোক অন্য মাত্ৰা প্ৰদান কৰে |
প্ৰকৃতিৰ সুত্ৰ এটাই "খালী হাতে জন্ম মৃত্যুও খালী হাতে " জীৱনৰ মাজত ঘটা ঘটনা, অনুভৱ কৰা দুখ সুখ সকলো ক্ষন্তেকীয়া | সেয়ে জীৱনটো তোমাৰ মতে পৰিচালনা কৰা ! সেই পৰিচালনা আবেগেৰে নহয় বিবেকেৰে কৰিব লাগিব | তুমি যি ভাবেই কল্পনা কৰা তাৰেই আৰ্হিত তুমি সপোন দেখা পোৱা | জীৱনটোও ঠিক একেই তোমাৰ প্ৰকৃতিৰ প্ৰতি ধাৰণা যি প্ৰকৃতিয়েও তোমাক সেই বাস্তৱেই প্ৰদান কৰিব |গতিকে জগতৰ কল্যাণৰ কাৰণে তুমি আগবাঢ়ি আহা | কোনোবা এজনে কৈছিল ' পৃথিৱীখন বেয়া মানুহৰে ভৰি আছে আৰু তুমি বহু চেষ্টা কৰিও তাৰ মাজৰ এজনকে ভাল কৰিব পৰা নাই, তেন্তে তুমি নিজেই ভাল হৈ যোৱা! অন্ততঃ তুমি কব পাৰিবা যে পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি গ'ল |